top of page
Brahmaputra birdge

আপুনি জানানে ?

লাচিত বৰফুকনৰ ধৰ্মগুৰু হাউলীৰ ৰামানন্দ দ্বিজ আছিল

হাউলী কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ ৰামানন্দ দ্বিজ অবিহনে লাচিত বৰফুকনৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ হৈ নুঠে। লাচিত বৰফুকন এজন মহাপ্রতাপী যোদ্ধা হোৱাৰ উপৰিও এজন বৈষ্ণৱীও আছিল। কালঝাৰ সত্ৰ হ'ল বৰপেটা অঞ্চলৰ এখন বিখ্যাত সত্র। গোপাল আতাই ভৱানীপুৰৰ পৰা গমন কৰি ভকত সংগীসকলৰ সৈতে কালঝাৰত অৱস্থান কৰিছিল। কালঝাৰ অঞ্চলৰ পৰা একাদশী আতৈৰ আমন্ত্ৰণত গোপাল আতাই তিনিশ তিনিকুৰি তেৰজন ভকতক লগত লৈ কালঝাৰত আহি উপস্থিত হয় আৰু তাতেই কালঝাৰ সত্ৰ প্রতিষ্ঠা কৰে। পিছত গোপাল আতাই তেওঁৰ প্রিয় শিষ্য ব্ৰাহ্মণ শ্ৰীৰাম আতাক তেওঁৰ চাৰিসত্ৰ ভবানীপুৰ, জোৱাৰাদি, হাউলীৰ কালঝাৰ আৰু পোৰাভঁৰাল সত্ৰ চমজাই দি ইহ সংসাৰ ত্যাগ কৰে। গোপাল আতাৰ পিছত কালঝাৰ সত্ৰত শ্ৰীৰাম আতাই সত্ৰাধিকাৰ হিচাপে সত্ৰ পৰিচালনা কৰি গোপাল আতাৰ উত্তৰসূৰীৰ দায়িত্ব পালন কৰিছিল। শ্ৰীৰাম আতাৰ প্ৰয়াণৰ পিছত কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ হ'ল তেওঁৰ পুত্ৰ ৰামানন্দ দ্বিজ আৰু আনজন পুত্ৰ পৰমানন্দ দ্বিজ হাউলীৰ পোৰাভঁৰাল সত্ৰৰ সত্ৰাধিকাৰ হয়। শ্ৰীৰাম আতা কালঝাৰ সত্ৰত সত্ৰাধিকাৰ হৈ থাকোঁতে এবাৰ উজনি অসমলৈ গৈছিল আৰু মাজুলীত ১৬৪৩ খ্ৰীষ্টাব্দত আহতগুৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল। শ্ৰীৰাম আতাৰ প্ৰয়াণৰ পিছত ৰামানন্দ দ্বিজ কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ হৈ থাকোতে এবাৰ উজনিলৈ পিতৃ পুৰুষৰ সত্ৰৰ সন্ধানত গমন কৰিছিল । ৰামানন্দ দ্বিজ কলিয়াবৰৰ খাকৰুডুবিত বাহৰ পাতি থাকোতেই লাচিত বৰফুকনে তেওঁৰ সম্বাদ পায়। লাচিত বৰফুকনে ৰামানন্দ দেৱৰ শৰণ লৈ নিজৰ দোপদৰ কলিয়াবৰৰে মাধৱ দেৱালয়ৰ পূবলৈ উঠাই নি নিজৰ ঘৰ বাৰী গুৰুক উছৰ্গা কৰি ভেদেলীৰ ভণ্ডাৰকে কেন্দ্ৰ কৰি সত্ৰ পাতি থাকিবলৈ দিলে। ভেদেলী ভাণ্ডাৰত সত্ৰ পাতি ৰামানন্দ দ্বিজ কিছু দিন থাকে। কিন্তু লাচিত বৰফুকন ১৬৭১ চনত উজনিলৈ গৈ থাকোতে যোৰহাটত মৃত্যু বৰণ কৰাত ৰামানন্দ দ্বিজো উজনিৰ অভিমুখে যাত্ৰা কৰিলে। তেওঁ গৈ পোনতে গড়গাওঁ ৰাজধানীত পালেগৈ। গড়গাঁৱত লাচিত বৰফুকনৰ গুৰু হিচাপে তেওঁক যথেষ্ট সন্মান প্ৰদান কৰিলে। ৰামানন্দ দ্বিজ মহাপ্রতাপী লাচিত বৰফুকনৰ দৰে বীৰ এজনৰ ধৰ্মগুৰু হৈয়ো বৰ্তমানলৈকে প্ৰায় সকলো ক্ষেত্ৰতে উপেক্ষিত হৈ থাকে। এইটো এটা বৰ বেদনাদায়ক বিষয়। সেয়ে এইক্ষেত্ৰত আমাক ঐতিহাসিক অনুসন্ধানৰো নিশ্চয়কৈ প্রয়োজন আছে।

bottom of page