
Welcome to Howly Town
এসময়ৰ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ 'ৰাজহাউলি'য়ে কালক্ৰমত হৈ পৰিল "হাউলী"।
অসমীয়া সাহিত্যৰ বিখ্যাত উপন্যাস 'মনোমতী'ৰ জন্মস্থান এই হাউলীতেই। নামনি অসমৰ বাণিজ্যিক চহৰ হাউলী বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী ধৰ্মাৱালম্বী লোকেৰে গঠিত।
এটা সময়ত মহাপুৰুষ শংকৰ-মাধৱ আৰু আঁতাসকলৰ লীলাভূমি আছিল এই বৃহত্তৰ হাউলী অঞ্চল। ১৯৫৪ চনতে জন্ম লোৱা চণ্ডী বৰুৱা স্মৃতি ভৱন হাউলীৰ সামজিক, সাংস্কৃতিক তথা বৌদ্ধিক কেন্দ্ৰস্বৰূপ যাৰ মঞ্চত বিষ্ণু ৰাভা, ফণী শৰ্মা আদিৰ দৰে অসমৰ যশস্বী শিল্পীয়ে নাট পৰিবেশন কৰি গৈছে।
হাউলীৰ জীৱন্ত দলিলস্বৰূপ "মনোমতী"


হাউলী ৰাস মহোৎসৱ -(জন্ম আৰু বিকাশ )

* ১৯২৮ চনত ৰাস পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত হাউলী হাটখোলাৰ উত্তৰে তেতিয়াৰ তেলি কদমৰ তলতে আৰম্ভণি হৈছিল হাউলী সাৰ্বজনীন ৰাস উৎসৱৰ।
* হাউলী সাৰ্বজনীন ৰাস উৎসৱৰ প্ৰথম সভাপতি আছিল ঁ বিশ্বনাথ দাস আৰু সম্পাদক আছিল ক্ৰমে ঁ যোগেশ চন্দ্ৰ দাস ,ঁ গৰ্জন চন্দ্ৰ চৰকাৰ।
*১৯২৮ চনত আৰম্ভণি অৱস্থাত ৩ দিনীয়াকৈ পালন কৰা হৈছিল হাউলী সাৰ্বজনীন ৰাস উৎসৱ।
* সেইসময়ত হেজাক লাইট আৰু পেট্ৰোমাক্স' লাইটৰ পোহৰেৰে চলিছিল ৰাসৰ কাৰ্যসূচী।
* কাৰ্যসূচী আছিল পূজাঁ, ভাগৱত পাঠ, ওজাপালি, ঢুলীয়া, কবিগান, যাত্ৰাগান, নাম-কীৰ্ত্তন আদি।
* মহিলাসকলে গৰুগাড়ীত বহি আৰু পুৰুষসকলে মাটিত পাৰি দিয়া ধান খেৰত বহি ৰাসৰ কাৰ্যসূচী উপভোগ কৰিছিল।
* অসমত ৰাসক্ৰীড়া প্ৰথমে শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল। উজনি অসমৰ ৰাস গুৰুজনাৰ আৰ্হিতে উদযাপন কৰা হৈ আহিছে। হাউলীৰ ৰাস কোচবিহাৰৰ মৃন্ময় মূৰ্তিৰে সজ্জিত ৰাসৰ আৰ্হিত পতা হয়।
* ১৯৫৫ চনত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আৰম্ভ হোৱাত নতুন ঠাইলৈ স্থানান্তৰিত হয় হাউলী সাৰ্বজনীন ৰাস উৎসৱ।
* নতুন ঠাইত অহাৰ পিছত দৰ্শনাৰ্থীৰ সংখ্যা বছৰে বছৰে দ্ৰুত গতিত বাঢ়িবলৈ ধৰে।
* ১৯৯৭ চনত এটা বৃহৎ আকাৰৰ মন্দিৰ নিৰ্মাণৰ বাবে এখন সমিতি গঠন কৰা হয়।
* ২০০৭ চনৰ ৩১ জানুৱাৰীত নতুন মন্দিৰটোত 'বিগ্ৰহ'ৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়।
* প্ৰথম অৱস্থাত ইছলাম ধৰ্মীয় লোকসকলে হাউলী ৰাসত যোগদান কৰা নাছিল। পিছলৈ তেওঁলোকেও এই উৎসৱত যোগদান কৰিবলৈ ধৰে। চুফি ৰিয়াজুদ্দিন চৰকাৰ আৰু মো: দাৰোগ আলী চৰকাৰেই হাউলী ৰাসত যোগদান কৰা প্ৰথম মুছলমান নেতৃস্থানীয় ব্যক্তি।
* হাউলী ৰাস মহোৎসৱ অকল হাউলী অঞ্চলৰে উৎসৱ হৈ থকা নাই । ই সমগ্ৰ অসমৰে এক জাতীয় উৎসৱলৈ পৰিগণিত হৈছে। প্ৰতি বছৰে উদযাপিত হোৱা এই উৎসৱথলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক উপাদানৰ উপৰি অতি সম্প্ৰতি নতুন প্ৰজন্মৰ মাজত গঢ় লৈ উঠা সাংস্কৃতিক উপাদানসমূহ নিৰৱচ্ছিন্নভাৱে প্ৰদৰ্শন কৰাৰ এক সুবিশাল মঞ্চ লাভ কৰি গোটেই অঞ্চলটোৱেই সংস্কৃতিৰ এক মহামিলনৰ থলীলৈ পৰিগণিত হৈছে।