top of page

Barpeta fireworks industry

A Story of a ''Bakhor Man''

এয়া হৈছে হাউলীৰ খাটালপাৰা গাওঁ। হাউলী বজাৰৰ পৰা প্ৰায় ২ কি:মি: আতৰত অৱস্থিত এই গাওঁখনলৈ আমি এজন বিশেষ ব্যক্তিক লগ ধৰিবলৈ আহিছোঁ। তেখেতৰ ঘৰতে থকা আতচবাজীৰ কাৰখানাটোৰ লগতে তেখেতৰ ব্যক্তিগত জীৱনৰ কিছু কথাও আমি জানিবৰ প্ৰয়াস কৰিম।
এখেত হৈছে ডিম্বেশ্বৰ দাস। বয়স ৫৬ বছৰ। শিক্ষাগত অৰ্হতা আণ্ডাৰ মেট্ৰিক। স্কুলীয়া শিক্ষাৰ অসফলতাই যেন তেওঁৰ কৰ্মজীৱনলৈ সফলতা কঢ়িয়াই আনিলে। স্কুলত মেট্ৰিক পৰীক্ষাত পাছ কৰিব নোৱাৰি বৰপেটাৰ থলুৱা আতচবাজীৰ কাৰখানাত থাকিবলৈ লয় তেওঁ । কেইবছৰমান কাম শিকাৰ পাছত হাউলীলৈ আহি ১৯৮৮ চনৰ পৰা নিজে বাখৰ বনাবলৈ আৰম্ভ কৰিলে ডিম্বেশ্বৰ দাসে। হাতত মুলধনৰ অভাব। তথাপি চেষ্টা অব্যাহত ৰাখিলে। বেংকৰ পৰা লোন লৈ ব্যৱসায়টোক কিছু গতি দিলে॥

bottom of page