Gradient

বৰপেটাৰ ভৌগােলিক পৰিচয়

Barpeta_Satra high res picture.jpg

বৰপেটাৰ ভৌগােলিক পৰিচয়

Courtesy 

বৰপেটাৰ বুৰঞ্জী

দিগম্বৰ দাস

অৱস্থিতি:- উত্তৰ অক্ষাংশৰ ২৬° ২ ৰ পৰা ২৬°৫০ লৈ আৰু পূৱ দ্রাঘিমাংশৰ ৯০° ৪০ ৰ পৰা ৯১°২৪ লৈ- ইয়াৰ মাজত থকা ভূমিখণ্ডই হ’ল বৰপেটা অঞ্চল বা এতিয়াৰ বৰপেটা জিলা।

উত্তৰ-পূৱ ভাৰতৰ অসম উপত্যকাৰ নামনি ভাগত, এই জিলা অৱস্থিত। ইয়াৰ উত্তৰে ভূটান পর্বত, দক্ষিণে ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰ, পূৱে নলবাৰী জিলা আৰু পশ্চিমে কোকৰাঝাৰ আৰু

বঙাইগাওঁ জিলা। এসময়ত বৰপেটা জিলাৰ উত্তৰৰ সংৰক্ষিত বনাঞ্চল আৰু তাৰ পৰা ভালেখিনি দক্ষিণে বর্তমান গােৱৰ্ধনা মৌজাৰ চাফাকামাৰলৈ ভুটান ৰাজ্যৰ সীমা আছিল ১৮৬৪-৬৫ খৃষ্টাব্দৰ ভুটান যুদ্ধৰ পৰিণতি স্বৰূপে ইংৰাজ চৰকাৰে ভুটান পৰ্বতৰ পাদদেশলৈ সমগ্র ‘দুৱাৰ' অঞ্চল অধিকাৰ কৰিছিল । 

 

নাম—জিলাৰ সদৰ ঠাই বৰপেটাৰ নাম অনুসৰি জিলাখনৰ নাম বৰপেটা হৈছে। পূর্বতে বৰপেটা ঠাইখন তাঁতীকুছি, পােৰাভিঠা,মথুৰা, বৃন্দাবন, চৌখুটিস্থান, নবৰত্নৰ সভা, ইচ্ছাকুছি, পুষ্পক বিমান, কামপুৰ আৰু বৰপেটা— এই দহােটা নামেৰে জনা গৈছিল ।

এই নামবিলাকৰ কিছুমান নাম একে সময়ত প্ৰচলিত থকা দেখা যায়। উদাহৰণ স্বৰূপে, বৰপেটা সত্ৰৰ ৰঙিয়াল গৃহটি দাহৰ পাছত মথুৰাদাস বুঢ়াআতা বেহাৰলৈ যাওঁতে যেতিয়া মহাপুৰুষ শ্ৰীমাধৱদেৱে তেওঁক থানৰ বাতৰি সুধিছিল, তেতিয়া গুৰুজনাই কথা-প্রসঙ্গত বৰপেটাৰ উপৰিও ‘তাঁতীকুছি’, ‘পােৰাভিঠা' আৰু

‘চৌখুটিস্থান’ৰ নাম উল্লেখ কৰিছিল । 

 

এই নামবিলাকৰ উৎপত্তি সম্বন্ধে যিমান দূৰ সম্ভৱ একোটি চমু আভাস দিবলৈ প্রয়াস কৰা হৈছে –

 

তাঁতীকুছি- একালত ( অনুমান চতুর্দশ শতাব্দীত ) শিৱসাগৰ জিলাৰ খনা-খোকোৰা নামৰ গাওঁৰ তাঁতী লোকসকলে মহামাৰীৰ প্রকোপত তিষ্ঠিব নোৱাৰি গাওঁ এৰি নামনি অসমলৈ আহিছিল আৰু বৰ্তমান বৰপেটা কীৰ্ত্তনঘৰৰ সমীপবর্তী অঞ্চলত বসবাস কৰিছিল। তেওঁলোকৰ নামৰ পৰাই ঠাইখণ্ডৰ নাম তাঁতীকুছি হৈছিল বুলি জনা যায়।

 

পোৰাভিঠা-  মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৬৮ শকত উজনিৰ পৰা ভটিয়াই আহি বৰপেটাৰ উত্তৰস্থ পালেংদিবৰীৰ চূণপোৰা ভিঠাত সত্র স্থাপন কৰি কিছু কাল নিবর্তিছিল। চূণপোৰ ভিঠাৰ নামৰ পৰাই সমগ্ৰ বৰপেটা ঠাইখণ্ডক আদিতে পেৰাভিঠা বা পোৰাভিঠাস্থান বুলিছিল। মতান্তৰে, জুয়ে পোৰা ৰঙিয়াল ঘৰৰ ভিঠাত পুনৰ সত্ৰ নিৰ্মাণ হৈছিল বাবে এই নাম।

 

মথুৰা - মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সুন্দৰীদিয়া সত্ৰ পৰিত্যাগ কৰি তাঁতীকুছিলৈ আহোঁতে তেৰাই এই ঠাইখনত মথুৰাপুৰী সদৃশ কিছুমান লক্ষণ দেখা পাই, ইয়াতে কীৰ্ত্তনঘৰ সজাই সত্ৰ স্থাপন কৰিছিল আৰু তেৰাৰ পৰম ভক্ত মথুৰাদাসক (গােপাল তাঁতী ) ঠাইখণ্ড মথুৰাপুৰীৰ নিচিনা জ্ঞান কৰিবলৈ উপদেশ দিছিল ।সেইকাৰণে আজিও তিনিও ৰাজ্যৰ ভকতে বৰপেটাক অসমৰ মথুৰাপূৰী বুলি কয়।

বৃন্দাবন- মহাপুৰুষ মাধৱদেৱ সুন্দৰী সত্ৰৰ পৰা বৰপেটালৈ আহোঁতে বৰপেটা বিলৰ পূৱ পাৰত কিছুক্ষণ জিৰাইছিল। তেৰাই সেই ঠাইত, বৃন্দাবনৰ নিচিনা পৰিবেশ দেখা পাই আনন্দত কৃষ্ণ-কথা কীৰ্ত্তন কৰিছিল আৰু দুটা বৰগীত ৰচনা কৰি গাইছিল । তাৰে প্ৰথমটো হ'ল— “আলাে ভাই, চল আইস যাওঁ বৃন্দাবনে ।দেখো গৈয়া আনন্দ নয়নে।” ইত্যাদি। এই বৃন্দাবনৰ স্মৃতি স্বৰূপে বৰপেটাৰ মধ্যস্থ সুবৃহৎ হাটীখনৰ নাম বৃন্দাবনহাটী ৰখা হৈছে।

 

চৌখুটিস্থান- মহাপুৰুষ শ্ৰীমাধৱদেৱে বৰপেটা সত্র স্থাপন কৰাৰ পাছত সত্ৰৰ চাৰিও কোণত চাৰিটা হদ বা খুটি (সীমা) স্থাপন কৰি বন্তি জ্বলাই ভগৱানৰ নাম-গুণ কীৰ্ত্তন কৰিছিল। এই হদৰ উত্তৰে পুখুৰীৰ পাৰৰ বাহা, দক্ষিণে বালাৰ বাহা, পূৱে বৰবাহা আৰু পশ্চিমে ফুলগুৰিৰ বাহা এতিয়াও আছে। এনেকৈ প্রথমাৱস্থাত বৰপেটা থান চৌখুটি অর্থাৎ চাৰি খুটিৰ স্থান বুলিও

প্রসিদ্ধ হৈছিল। পৰবৰ্তী কালত সত্ৰখনৰ সীমা বর্ধিত হৈছিল।

 

নৱৰত্নৰ সভা - বৰপেটাত সত্ৰ স্থাপিত হােৱাত নাৰায়ণদাস ঠাকুৰ আতা প্ৰমুখ্যে ন জন আতা পুৰুষে মাধৱদেৱৰ পাশলৈ আহি কৃষ্ণ-কথা আলােচি পৰমানন্দ সুখত মজি আছিল আৰু

লগতে ধর্ম প্ৰচাৰ সম্বন্ধীয় বিবিধ বিষয় আলােচনা কৰিছিল । মহৎ গুণসম্পন্ন ৰত্নৰ তুল্য এই আতা পুৰুষ সকলৰ আলােচনা-সভা তথা ঠাইখণ্ড নৱৰত্নৰ সভা বুলি খ্যাত হৈছিল।

ইচ্ছাকুছি- বৰপেটা সত্ৰৰ দক্ষিণ মূৰত অৱস্থিত অঞ্চলটোৰ পুৰণি নাম আছিল ইচ্ছাকুছি যত মথুৰাদাস বুঢ়াআতাই সৰুতে বিদ্যা শিক্ষা লাভ কৰিছিল। এই নামৰ পৰাই বৰ্ত্তমান ঠাইখণ্ড ইচ্ছাপুৰহাটী নামে জনাজাত।

পুষ্পক বিমান আৰু কামপুৰ নাম সম্বন্ধে নিৰ্ভৰযােগ্য তথ্যৰ অভাৱ বুলিয়ে কব পাৰি।

বৰপেটা নামটো শেহতীয়া। ৰামচৰণ ঠাকুৰ আৰু তেওঁৰ পুত্র দৈতাৰি ঠাকুৰ বিৰচিত গুৰুচৰিত দুখনত 'বৰপেটা’ নামটো আছে। এই দুই গৰাকী চৰিতকাৰ বৰপেটা সত্ৰৰ প্রথম জনা অধিকাৰ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতাৰ সমসাময়িক আছিল। গতিকে মথুৰাদাসৰ জীৱনকালতে ‘পাট’ বা 'বৰপাটা’ নামটো 'বৰপেটা’ নামলৈ ৰূপান্তৰিত

হৈছিল বুলি থিৰাং কৰিব পাৰি। কথা-গুৰু চৰিতত  পাটবাউসী, সুন্দৰীদিয়া আৰু বৰপেটাৰ চূণপােৰা ভিঠিৰ নামৰ অন্বয় একাধিক প্ৰকাৰে উল্লেখ কৰা আছে। ‘বৰপেটা’ নামৰ উৎপত্তি সম্বন্ধে গুৰুচৰিতত একো উল্লেখ নাথাকিলেও, আগৰ দিনৰ সাধু-সন্ত, ভকত-সজ্জনৰ পৰা মুখে মুখে একাধিক অন্বয় চলি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃপা গুণে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে একশৰণ হৰি-নাম ধৰ্মৰ “পাট” (বেদী/সিংহাসন) আনি তাঁতীকুছিত থাপনা কৰিছিল আৰু সময়ত এই ঠাই ‘বৰ (প্রধান) ধর্মস্থান হােৱা হেতুকে ঠাইৰ নাম ‘বৰপাট’ বা ‘বৰপাটা’ হৈছিল। দ্বিতীয়তে,

শ্ৰীমন্ত শঙ্কৰদেৱ বৰপেটাৰ চূণপােৰাত পদার্পণ কৰা সময়ত আৰু তাৰ পূৰ্বৰে পৰা ঠাইখণ্ডত এটা বিস্তৃত বিল বা পিটনি আছিল ।সেই ‘বৰ বা ডাঙৰ পিটনি’ৰ পৰা বৰপিট’ আৰু পিছলৈ বৰপেটা নামৰ উৎপত্তি হয় বুলিও কোনাে

কোনােৱে কয়। আন এটা মত, একালত হেনাে বৰপেটা ঠাইখণ্ড বলুইত বা ব্ৰহ্মপুত্ৰ নদীৰ পেট বা মাজ আছিল। সেইকাৰণে ঠাইৰ নাম বৰপেট/ বৰপেটা হৈছিল। 'বৰপেটা’ নামটোৰ উৎপত্তি সম্বন্ধে বিভিন্ন মত থাকিলেও প্রথমত উল্লেখিত অর্থটো অধিক যুক্তিপূর্ণ আৰু বিশ্বাসযােগ্য যেন লাগে। আজিৰ দিনত বৰপেটাৰ ভকতে (বিশেষকৈ বয়োবৃদ্ধ সকলে) বহাগৰ সাত দোমাহীৰ পিছদিনাখন বৰনামৰ অন্তত বৰপেটা

 

কীৰ্ত্তনঘৰৰ মঠৰ চোতালত গৈ যি ‘থান-বন্দনাৰ’ ঘােষ গায়, তত বৰপেটা নামটো 'বৰপাটা’ বুলি উচ্চাৰণ কৰা শুনা যায়। যেনে,

(১) অ' হৰি এ হে বেহাৰে মধুপুৰ ।

কামৰূপে বৰপাটা, উজানে কমলাবাৰী

(ঘােষাৰ পাছত দৈত্যৰি ঠাকুৰৰ গুৰুচৰিতৰ পৰা পদ গায়--

আত অনন্তৰে সাধুজন শুনা কথা।

পৈলন্ত মথুৰাদাস মাধৱৰ তথা ৷

পুছিলা মাধৱদেৱে মথুৰাদাসত।

ভালে আছে কামৰূপে সমস্ত ভকত। ইত্যাদি)

 

(২)।

অ' হৰি এ হে তিনি ৰাজ্যৰ বন্দনী থান বৰপাটা।

এনে থানৰ অধিকাৰী ভৈলা বুঢ়াআত।

(এইটো ঘােষাৰ পাছত উপৰােক্ত গুচৰিতৰ পৰা পদ গায়--

আছন্ত মথুৰাদাস বেহাৰ থানত।

মাধৱদেৱৰ সঙ্গে হৰিষে মনত ।

পুনৰপি বৰপেটা যাইবাক ইচ্ছায়।

দিনেক মথুৰাদাসে কৰিলা বিদায় ॥ ইত্যাদি)

 

উপৰিভাগ— বৰপেটা জিলাৰ মাটিকালি ৩৩০৭৩ বর্গ কিলােমিটাৰ। ভুটান পৰ্বতৰ পৰা দক্ষিণলৈ সােমাই অহা কিছু ঠাল-ঠেঙলি আৰু দক্ষিণে ব্ৰহ্মপুত্ৰৰ কাষত থকা বাঘবৰ, ফুলৰ আৰু চতলা নামে তিনিটা টিলা পাহাৰত বাহিৰে বৰপেটা সমতল ভূমি। এই সমতল ভূমি উত্তৰৰ পৰা দক্ষিণলৈ বিস্তৃত আৰু এঢলীয়া। উত্তৰাংশৰ মাটি পাতল আৰু শিল-বালিময় । সমতল ভূমি মূলতে পলসুৱা— বালি আৰু বােকাৰে মিশ্রিত। ব্ৰহ্মপুত্ৰৰ মাজত সৃষ্টি হােৱা ডাঙৰ ডাঙৰ বালি-চাপৰিবােৰক চৰ বােলে। বাৰিষা কালত নদীৰ সােতৰ গতিপথ পৰিবৰ্ত্তণৰ কাৰণে কিছুমান চৰ আংশিক অথবা সম্পূর্ণভাৱে বিলুপ্ত হয় আৰু আন ঠাইত নতুন চৰৰ সৃষ্টি হয়। এনেকুৱা চৰবিলাকত আগতে জনবসতি নাছিল। চলিত শতাব্দীৰ আৰম্ভৰ পৰা পূর্ব বঙ্গৰ (এতিয়া বাংলাদেশ) পমুৱা লােক আহি তাত বসবাস আৰম্ভ কৰে। আদিতে বৰপেটাৰ উপৰিভাগ যথেষ্ট ওখ আছিল। নদী-বিলাকৰ তলি গভীৰ আছিল আৰু দুয়াে পাৰ হাবি-বননিৰে ভৰা আছিল বাবে ডাঙৰ বানপানী নহৈছিল। ইং ১৮৯৭ চনৰ ১২ জুন তাৰিখৰ বৰভূমিকম্পত বৰপেটাৰ দক্ষিণাংশ বিশেষকৈ

 

উত্তৰে হাউলী অঞ্চলৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰৰ পাৰলৈ বিস্তৃত অঞ্চল ঠাই বিশেষে ৫/৬ ফুটৰ পৰা ১০/১২ ফুট তললৈ বহি গৈছিল আৰু নদীবিলাকৰ তলি ওপৰলৈ উঠি আহিছিল। তেতিয়াৰ পৰা

প্রবল বানপানী হব ধৰিলে আৰু তাৰ ফলত সেই ঠাইৰ থলুৱা বাসিন্দাসকলে নিজ ঘৰবাৰী এৰি উত্তৰৰ ওখ ঠাইলৈ গমণ কৰিলে।পৰবৰ্তী কালত অসমৰ বাহিৰৰ পৰা পমুৱা লােক আহি খালি

ঠাইবােৰ পূৰণ কৰিছিল। বৰভূমিকম্পটোৰ কেন্দ্রস্থল (epicentre) বৰপেটা চহৰৰ ওচৰত আছিল। ১৫৮৪ অৰু ১৬৪২ চনতাে দুটা ডাঙৰ ভূমিকম্পৰ কথা গেইট চাহাবৰ অসমৰ বুৰঞ্জীত উল্লেখ আছে।

নদী—(১) ভুটান হিমালয়ৰ পৰা উৎপত্তি হোৱা মানাহ নামৰ নৈখন বুৰঞ্জী প্রসিদ্ধ। মােগল আৰু আহোমৰ মাজত হােৱা কেবাখনাে ৰণৰ চুক্তিত এই নৈখন দুই ৰাজ্যৰ সীমা নির্ধাৰিত হৈছিল।

কিছুমান খণ্ডত মানাহ নৈখন বৰপেটা জিলাৰ পশ্চিম সীমা হৈ আছে । আগৰ বগৰিবাৰী পৰণাৰ মাজেদি বৈ গৈ যোগীঘোপাৰ ওচৰত ব্ৰহ্মপুত্ৰত মিলিছেগৈ। বাৰিষা ব্ৰহ্মপুত্ৰৰ প্রবল সোঁত এৰাই

নাওবিলাকে মানাহেদি উজাই চাউলখোৱা নদীত সোমাই হাজোলৈ আৰু তাৰ পৰা গুৱাহাটীলৈ অহাযােৱা কৰিব পাৰিছিল । মানাহ নদীখনক আগতে বৰমানাহ বা জীয়া-মানাহও বুলিছিল। এই বৰমানাহৰ পৰা এটা শাখা মঠৰগুৰিৰ ওচৰত ফাটি ওলাই আহি গােবর্ধনা-হাউলী অঞ্চলৰ

মাজেদি বৈ গৈ বৰপেটা চহৰৰ অলপ দূৰ উত্তৰে চাউলখােৱাত পৰিছিল। বুৰঞ্জী আৰু গুৰুচৰিতত এই শাখা নদীখন মানাহ অথবা সৰুমানাহ বুলি আছে উনৈশ শতিকা পর্যন্ত এই নদীখন গভীৰ আৰু কোবাল আছিল। ইয়াৰ পাৰতে মহাৰাজ নৰনাৰায়ণে বুৰঞ্জীপ্ৰসিদ্ধ বৰনগৰ স্থাপন কৰিছিল। বাৰিষা এই নদীয়েদি ভুটান পৰ্বতৰ পৰা ইমান কাঠ ভাহি আহিছিল যে, মানুহে সেই

কাঠৰ ওপৰেদি নদী ইপাৰ সিপাৰ হব পাৰিছিল। পৰবৰ্তী কালত নৈখন তৰাং পৰি যােৱাত এতিয়া ঠায়ে ঠায়ে ইয়াৰ সাঁচটোহে দেখা যায় আৰু ইয়াক মৰামানাহ বােলে।

(২) চাউল খোৱা- একালৰ এই গভীৰ আৰু বহল নৈখন ভুটান পৰ্বতৰ পৰা ওলাই উত্তৰ কামৰূপৰ মাজেদি বৈ গৈ বৰপেটাৰ পশ্চিমে মানাহ নদীত পৰিছে। শঙ্কৰী যুগত চাউলখােৱা নদীখনক বুঢ়ীলুইত বা বুঢ়ীলােহিত্য বুলিছিল। শেহতীয়াকৈ ৰচিত (অনুমান ১৭১৬ খৃঃত) কথা-গুৰুচৰিততে বুঢ়ীলুইত বুলিহে উল্লেখ আছে । বুঢ়ালুইতৰ (ব্ৰহ্মপুত্ৰৰ) লগত হাজো সোঁতেৰে সংলগ্ন থকা বাবে এই নদীখনক বুঢ়ীলুইত বুলিছিল। বেণুধৰ শৰ্মা সম্পাদিত ডা: জন পিটাৰ বেডৰ অসম বুৰঞ্জীত ১৮০০ খৃত লিখা A Geo-graphical Sketch of Assam’ত চাউলখােৱা নদীৰ নাম

আৰু বিৱৰণ পােৱা যায় । তাৰ পাছত কোনাে গ্রন্থতে বুঢ়ীলুইতৰ উল্লেখ পােৱা নাযায়। গতিকে ওঠৰ শতিকাৰ মাজ ভাগ মানৰ পৰা 'বুঢ়ীলুইতৰ নাম ‘চাউলখােৱা হৈছিল বুলি অনুমান কৰিব

পাৰি। বহিৰাগত আক্ৰমণকাৰীসকলে তেওঁলােকৰ অসম অভিযানত এই জলপথটো ব্যৱহাৰ কৰিছিল ।

(৩) বেকী— আগতে বেকী এটা সৰু জুৰিৰ নিচিনা আছিল। উনৈশ শতিকাৰ শেষ ভাগত সৰু মানাহৰ গতিপথ পৰিবৰ্ত্তণৰ ফলত বেকী নদীৰ উৎপত্তি হৈছিল আৰু নৈখন চাউলখােৱা নদীত পৰিছিল। আধুনিক কালত বেকী খৰস্রোতা আৰু বহল হৈ উঠে আৰু চাউলখােৱা অতিক্রম কৰি বাঘবৰ অঞ্চলৰ মাজেদি বৈ গৈ ব্ৰহ্মপুত্ৰত মিলিছেগৈ। বৰফপুষ্ট এই নৈ খন জোঙাত (Miahseer)

শিলঘৰীয়া ৰোঁ, পুঠিদৰ আদি মিঠা মাছৰ বাবে প্রসিদ্ধ। মানাহ অভয়াৰণ্যৰ মাজেদি বৈ অহা এই নদীখনৰ প্ৰাকৃতিক দৃশ্য অতি মনােৰম ।

(৪) কালদিয়া (৫) পহুমাৰা - এই পুৰণি নৈ দুখন ভুটানৰ পৰা ওলাই চাউলখােৱাত পৰিছে।স্থলপথেদি যােগাযােগ নথকা কালত এই দুখন নদীৰে বজালী পৰগণাৰ লগত বৰপেটা-বাউসীৰ বেহাবেপাৰ চলিছিল। চলিত শতাব্দীৰ আগ ভাগলৈকে এইনদী দুখন ইমান গভীৰ আছিল যে, বাৰিষা কালত সৰু নাওবােৰ ভুটান পাহাৰৰ পাদদেশলৈ আৰু খৰালি কালিতে বজালীৰ ভালেখিনি উত্তৰলৈ যাব পাৰিছিল ।

(৬) নখান্দা— চাউলখােৱা নদীৰ এই সুতিটো অনুমান সােতৰ শতিকাত উৎপত্তি হৈছিল । বৰপেটা চহৰৰ পূৱে থকা জান-জুৰি আৰু কটকতলি বিল আদি সংলগ্ন কৰি সুতিটো প্ৰৱল

হয় আৰু পশ্চিমলৈ খালি বৈ যায়। সেইকাৰণে ই ন-খন্দা বা নখান্দা নাম পায়। কুৰি শতিকাৰ আগ ভাগৰ পৰা চাউলখােৱা নদী মৰি অহাত টিহু, বুঢ়াদিয়া, কালদিয়া, পহুমাৰা আদি উপনৈ

সমূহৰ পানী খান্দা সুতিয়েদি ববলৈ ধৰে। এই জীয়ানৈখনৰ মাছ বৰ তৃপ্তিকৰ।

(7) পল্লা— ভুটানৰ পৰা প্রবাহিত চাউলখােৱাৰ এই উপ-নৈখনৰ পুৰণি নাম আছিল পােৰােলা। ইয়াৰ পাৰতেই ভৱানী-পুৰীয়া গােপালদেৱ আতাই প্রসিদ্ধ কালজাৰ সত্ৰ স্থাপন কৰিছিল।

 

বিল— ক্ষেত্ৰী পৰগণাৰ দক্ষিণে “জগতে প্রখ্যাত” কাপলা নামৰ বিলটো কালক্ৰমত সঙ্কুচিত হৈ তৰাং পৰিছে যদিও ইয়াৰ বৃহৎ কাৱৈ আৰু মাগুৰ মাছৰ বাবে থকা সুনাম এতিয়াও ম্লান হােৱা নাই। সৰভােগ, বহুৱা-টাভা, চিলােচী, বৰঘােপা, ফিঙৱা,

বৰকানা, ৰৌমাৰি আদি অনেক পুৰণি সৰু-বৰ বিল আছে।

 

জলবায়ু— ১৯০৫ চনৰ কামৰূপ জিলা গেজেটিয়াৰ”ৰ মতে জিলাখনৰ জলবায়ু এনেকুৱা ধৰণৰ আছিল -

শীতকাল চেচা আৰু কুঁৱলিঢকা, বসন্তকাল মনােৰম, গ্রীষ্ম-কাল মজলীয়া না জহ না জাৰ ধৰণৰ, কিন্তু বৰ সেমেকা । বৃষ্টিপাত বছৰত গড়ে ৯৬” আছিল। ১৮৭১-৭২ চনত এই গড় ৭০*৭৮ ইঞ্চি আছিল। সাম্প্রতিক কালত বৃষ্টিপাতৰ বার্ষিক গড় হ’ল ৭৭৪ ইঞ্চি (১৯৩৫ মিলিমিটাৰ )।

১৯৯০ চনৰ কামৰূপ জিলা গেজেটিয়াৰত ঋতুৰ ভাগ এনেদৰে কৰা হৈছে-

নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ শীতকাল, মাৰ্চৰ পৰা মে মাহলৈ বিজুলী-ঢেৰেকনিৰে ধুমুহাৰ প্ৰাক্ মৌচুমী ঋতু, জুনৰ পৰা অক্তোবৰৰ আৰম্ভলৈ দক্ষিণ পশ্চিমৰ মৌছুমী আৰু অক্তোবৰৰ পৰা নৱেম্বৰৰ প্ৰথম ভাগলৈ মৌচুমীৰ পাছৰ ঋতু।

 

উদ্ভিদ- জনবসতি অঞ্চলৰ গছ-গছনিৰ ভিতৰত আহত, বট,পাকৰি, শিমলু, কদম, ভেলকৰা, আজাৰ, অর্জুন, ডিমৰু, হিদাল, আম, কঠাল, জাম, বেল, ঔ, জলফাই, ভােমোৰা, বৰুণ, কেন্দু,

মইন, কর্দৈ, বকুল, শিলিখা, বগৰী, তেঁতেলী, নিম, আমলখী, আমৰা, নাগেশ্বৰ, পলাশ, চতীয়না, মদাৰ, কৃষ্ণচূড়া, চজিনা, তাল, টকৌ, নাৰিকল, খেজুৰ, তামােল আদি প্রধান। বৰপেটাৰ বিশেষকৈ উত্তৰ আৰু মধ্য খণ্ডত নানা জাতীয় বঁহি আৰু বেত

প্ৰচুৰ পৰিমাণে জন্মে।

সংৰক্ষিত বনাঞ্চলত চেগুণ, শিশু, বনচোম, গমাৰি, তিতাচোপা, খয়ে, কৰৈ, অগৰু, নাহৰ, লালি, চিবা, চোম, সােণাৰু, বােলা, পমা, শখ, খোকন, গনসাৰৈ, দেৱদাৰু আদি মূল্যবান

কাঠৰ গছ আছে। স্বাধীনতাৰ পাছত চৰকাৰৰ বনমহােৎসৱ আৰু সামাজিক বনানীকৰণ আঁচনিৰ অধীনত আজিকালি সংৰক্ষিত বনাঞ্চলৰ নানা জাতীয় উদ্ভিদ মানুহৰ বাৰী-ঘৰে আৰু ৰাজপথৰ

দাঁতিত ব্যাপকভাৱে ৰোপণ কৰা হৈছে। ইয়াৰ ফলত দেশৰ বনজ সম্পদ আগতকৈ বাঢ়িছে।

আনহাতে জনসংখ্যা বৃদ্ধি আৰু আনুসঙ্গিক কাৰণত নল, খাগৰি, ইকৰা, বতা, তৰা, ঘাঁহি-বনে ঢাকা ব্যাপক আৰু শুৱনি অৰণ্য অঞ্চল উদং হৈ পৰিল। চলিত শতাব্দীৰ চতুর্থ দশকমানৰ কথা। তেতিয়ালৈকে উত্তৰ ফালৰ পৰা বাৰিষা যি ঢল এই বন্যভূমিৰ মাজেদি নামি আহি বৰপেটা চহৰ আৰু পার্শ্ববর্তী অঞ্চল প্লাবিত কৰিছিল, সেই পানী ফটিক যেন স্বচ্ছ আছিল- আঠদহ ফুট পানীৰ তলত থকা মাছ আদি বস্তু স্পষ্টকৈ দেখা গৈছিল। ইয়াৰ কাৰণ, ঢলত উটি অহা পলস আদি মলিয়ন বস্তুবােৰ ঘাঁহ বনত লাগি ৰৈ যােৱাত পানী পৰিষ্কাৰ হৈছিল।

 

জীৱজন্তু - ঘাঁহ-বনে ঢকা জলাহ ভূমিৰে পৰিবেষ্টিত বিল- বিলাক অপর্যাপ্ত মাছৰ উপৰিও নানা জাতীয় পানী চৰাইৰ ৰম্য-স্থান আছিল । খৰালি কালত ৰংচঙীয়া বনৰীয়া ৰাজহাহ আৰু নানা জাতৰ পানী হাঁহ, ভেলা আদি পৰিভ্ৰমী চৰাই

সুদূৰ চাইবেৰিয়াৰ পৰা হিমালয় পর্বত অতিক্রম কৰি এই বিল আৰু নদীৰ বালি-চাপৰিত চৰি ফুৰিছিল। আকাশ ঢাকি, উৰি যােৱা এনেকুৱা

চৰাইৰ চলাচল আজিকালি প্রায়ে চকুত নপৰে। সাৰেং (stork),কুৰুৱা, চিলা, নানা জাতৰ বগলী, চাকৈ-চকোৱা, শৰালী, পাতিহাঁহ , ডাউক, বালি খেছৰা চৰাই (snipe), পানী কাউৰী,মাছৰােকা, তেলীয়াসাৰেং, কাম, চৰাই, ঢেকৰ, ৰামপাৰ, নানা জাতৰ শেন চৰাই নৈ, খাল-বিল, দলনি আৰু জলাহ ভূমিত দেখা যায় ।এইবিলাক চৰাইৰ সংখ্যা দিনক দিনে কমি আহিছে। শগুণ, কাউৰী, কপৌ, পাৰ, হাঁহ, কুকুৰা, বন কুকুৰা, কুলি, কেতেকী, কুকুহা, সখীয়তি, দহিকতৰা, ভটো, ময়না, ভৰপক্ষী, বুলবুল, ঘৰচিৰিকা, ফে'হু, মৌ-পিয়া, হে টুলুকা, টুনি, কাঠখােলা, টোকোৰা,ডৰিক, কান, কুৰিকা, টিপটিপলী, চাতক, ফেচা, শালিকা, চেচেকী আদি চৰাই সকলাে ঠাইতে দেখা যায়।

মূৰ আৰু ডিঙিত ৰঙা ছাল থকা ৰাজশগুণ বা বিত, শগুণ নামৰ শ খােৱা চৰাইবিধ আজিকালি সচৰাচৰ দেখা নাযায়। মানস অভয়াৰণ্যত ময়ূৰ, ব্রাহ্মী হাঁহ, দীঘল-নেজীয়া (pin tailed) হাঁহ, ফুটফুটীয়া (spotbill) হাঁহ,ধনেশপক্ষী আৰু আপুৰুগীয়া কিছুমান পানীচৰাই দেখিবলৈ পােৱা যায়।

আগৰ দিনত সমগ্ৰ বৰপেটাৰ বন্যভূমি অঞ্চল বাঘ, ভালুক,গাহৰি, হৰিণ পহু, বনৰীয়া ম'হ আদি জন্তুৰে ভৰা আছিল। এতিয়া মানাহ অভয়াৰণ্য এইবিলাক জন্তুৰ আশ্রয়স্থল হৈ পৰিছে। জনবসতি অঞ্চলত সাধাৰণতে ঘৰচীয়া গৰু, ছাগলী, মহ, ঘােৰা, ভেৰা, কুকুৰ, মেকুৰী আৰু বনৰীয়া শিয়াল, নেউল, শহা, হেপা, কুকুৰনেচীয়া বাঘ আদি জন্তু থাকে। নদীবিলাকৰ তলি তৰাং পৰি অহা বাবে ঘঁৰিয়াল, শিহু, উদ, দুৰা, কাছ আদি জলচৰ

প্রাণীৰ সংখ্যাও কমি আহিছে। এতিয়া এইবিলাক প্রাণী ব্ৰহ্মপুত্র আৰু বনাঞ্চলৰ দ’ পানীত আশ্ৰয় লৈছে। মানাহৰ অৰণ্যত ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী বাঘ, ক’লা ফুটুকী বাঘ ( Black Panther ), গােধা ফুটুকী বাঘ (Clouded leopard ), হাতী,

এশিঙিয়া গঁড়, মেঠোন গৰু, বনৰীয়া ম'হ, সােণালী বান্দৰ,বনৰীয়া কুকুৰ, কলা ভালুক ; হৰিণা, দল হৰিণা, শৰ, সুগৰী, খুটিয়া আদি নানা জাতৰ পহু ; নানা বিধ - বনমেকুৰী যেনে, হো,লতা মাকৰি (leopard cat), সােণালী মেকুৰী, লতাফুটুকী মেকুৰী, (marbled cat ); নল গাহৰি (Pigmy hog ), বন-ৰৌ, কেটেলা পহু, খাগৰী কটা পহু ( hispid hare) আৰু নানা বিধ বিষাক্ত সাপ বাস কৰে। এইবােৰ জীৱজন্তু আৰু মানাহৰ ৰমণীয়

দৃশ্য চাবলৈ দেশ-বিদেশৰ পৰ্যটক মঠনগুৰিলৈ আহে।

মানাই অভয়াৰণ্য ইং ১৯২৮ চনৰ পহিলা অক্টোবৰত গঠিত হৈছিল । ১৯৭৩ চনত ইয়াক ব্যাঘ্ৰ-প্রকল্প (Tiger Project) আৰু ১৯৮৭ চনত প্রস্তাৱিত ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হৈছে। ভাৰতীয় বন্য প্রাণী আইনৰ ১ নং অনুসূচিত উল্লেখিত ৫৩ বিধ বিপদগ্রস্ত জীৱ-জন্তুৰ ভিতৰত ২০ বিধ বন্য জন্তুৰ এই অভয়াৰণ্য হ’ল বাসস্থান। এনেকুৱা জন্তুবােৰ হ’ল এশিঙিয়া গঁড়, বনৰীয়া ম'হ, দল হৰিণ, সােণালী বান্দৰ, ঢেকীয়াপতীয়া বাঘ, গােধা ফুটুকী বাঘ, নল গাহৰি ইত্যাদি। ভুটান হিমালয়ৰ পৰা আহি যত মানাহ নৈখন অভয়াৰণ্যত প্রবেশ কৰিছে তাৰ পাৰতে

মঠনগুৰি অৱস্থিত। মঠনগুৰিৰ শান্তি আৰু নিস্তব্ধতা প্রকৃতিৰ আপুৰুগীয়া অৱদান বুলি কোৱা হয় । বৰপেটাৰােড ৰেলষ্টচনৰ পৰা ৪০ কিলােমিটাৰ উত্তৰে অৱস্থিত এই ঠাইলৈ মোটৰ গাড়ীৰে যাব পাৰি ।

 

খনিজ পদার্থ - ১৮৭১ খৃঃত বৰপেটাৰ এচিষ্টেট কমিছনাৰে ভুটান পাহাৰৰ পাদদেশত চূণ-শিল আবিষ্কাৰ কৰিছিল। তাৰ পাছত কি হ’ল, এই বিষয়ে জনা নাযায়। একালত ব্ৰহ্মপুত্ৰ আৰু

মানাহ নদীৰ বালিত সােণৰ চেকুৰা পােৱা গৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে ।

জনসংখ্যা হান্টাৰ চাহাবৰ “A statistical account of Assam”ত তেতিয়াৰ বৰপেটা মহকুমাৰ জনসংখ্যা ১৮৭১-৭২ চনৰ লােকপিয়ল অনুসৰি এনেকুৱা ধৰণৰ আছিল :-

থানা              জনসংখ্যা        গাওঁৰ সংখ্যা

বজালী ••       ৬৪,২৪০          ১৫৩

বৰপেটা..       ৬৩,০৬৩          ১৭১

ৰহা (বৰনগৰ)১৮,৯১৫          ১০

...........মুঠ ... ১,৪৬,২১৮        ৩৩৪

 

এই জনসংখ্যা বাঢ়ি গৈ ১৯৫১ চনৰ লােকপিয়েলত ৫,৩৯,৪২৩, ১৯৬১ চনত ৭,১৫,৫৬২ আৰু ১৯৭১ চনত ৯,৭১,৭৩৭ হৈছিল । বর্তমান জিলাখনৰ লােকসংখ্যা ১৯৯১ ছনৰ পিয়লৰ প্রাথমিক

হিচাপ মতে ১৬,৮৪, ০০ জন আৰু গাওঁৰ সংখ্যা ১৮৭ খন । এই খিনিতে বৰপেটা চহৰৰ জনসংখ্যা বৃদ্ধিৰ এটি চমু আভাস দিয়া হল :

১৭৩৫ খৃঃৰ শিৱসিংহ ৰজাৰ প্রদত্ত তামৰ ফলিত বৰপেটা সত্ৰৰ ভকত আৰু পাইক মুঠতে ২৯৭ ঘৰ বুলি উল্লেখ আছে। সেই হিচাপে জনসংখ্যা ১৫০০ হয়।

১৮৪০ খৃঃত বৰপেটাত মহকুমাৰ সদৰ স্থাপনৰ সময়ত লােক-সংখ্যা ৩০০০ আছিল। ১৮৮১ খৃঃৰ পিয়ল মতে ইয়াৰ আধীবাসী আছিল ১১,৩৩২ জন। ১৯৭১ খৃঃৰ লােকপিয়লত এই সংখ্যা

বাঢ়ি গৈ ২৬,৪৭৯ জন হয়।