Howly Digital Live
The silver Jubilee of Howly Junior College is set on 9,10 and 11 December with a three-day colorful

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৯,১০ আৰু ১১ ডিচেম্বৰত হাউলী জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তীৰ দিন ধাৰ্য্য।
১৯৯৬ চনৰ ১৭ আগষ্টত হাউলী চহৰৰ মাজমজিয়াত আৰম্ভণি হোৱা "হাউলী জুনিয়ৰ কলেজ"খনে ২৫ টা গৌৰৱউজ্জ্বল বৰ্ষ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। যোৱা ৬ জানুবাৰীত অনুস্থিত সাধাৰণ সভাত ৰূপালী জয়ন্তী উদযাপনৰ মূল সমিতিখন গঠন কৰা হৈছিল। সভাপতি নিৰ্বাচিত কৰা হৈছিল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস। উপ-সমিতিসমূহ পৰৱৰ্তী সময়ত গঠনৰ প্ৰস্তাৱ লোৱা হৈছিল সাধাৰণ সভাত। সেই অনুসৰি ৰূপালী জয়ন্তী উদযাপনৰ বাবে ১৭ খন উপ-সমিতি গঠনৰ কাম আজি সম্পন্ন কৰা হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৯,১০, আৰু ১১ ডিচেম্বৰত হাউলী জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তীৰ দিন ধাৰ্য্য কৰা হৈছে বুলি Howly Digital ক জনাইছে প্ৰচাৰ সম্পাদক প্ৰণৱ চৌধুৰীয়ে।
* ১৭ খন উপ-সমিতিৰ ==
১/ বিত্ত উপ-সমিতি
২/ স্মৃতিগ্ৰন্হ উপ-সমিতি
৩/ ব্যৱস্হাপনা উপ-সমিতি
৪/ খাদ্য উপ-সমিতি
৫/ সাংস্কৃতিক উপ-সমিতি
৬/প্ৰচাৰ উপ-সমিতি
৭/ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ-সমিতি
৮/ আলোচনা চক্ৰ উপ-সমিতি
৯/ চিকিৎসা আৰু স্বাস্থ্য উপ-সমিতি
১০/ অভ্যৰ্থনা আৰু সম্বৰ্ধনা উপ-সমিতি
১১/ স্বেচ্ছাসেৱক উপ-সমিতি
১২/ ক্ৰীড়া উপ-সমিতি
১৩/ প্ৰাক্তন ছাত্ৰ সন্হা উপ-সমিতি
১৪/ উপহাৰ কুপন খেল পৰিচালনা উপ-সমিতি
১৫/ সাংস্কৃতিক শোভাযাত্ৰা উপ-সমিতি
১৬/ বিদ্যুৎ আৰু জল উপ-সমিতি
১৭/ কৰ্ণধাৰ সমিতি