Howly Digital Live
সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ধুমুহাত ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন

সৰভোগ সমষ্টিৰ অন্তৰ্গত বাক্সা জিলা আৰু বৰপেটা জিলাৰ সীমামূৰীয়া অঞ্চলত কিছু দিন আগতে হোৱা বতাহ- ধুমুহাত বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান, চৰকাৰী-বেচৰকাৰী আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে স্থানীয় ৰাইজৰ আৱাস গৃহৰ বিস্তৰ ক্ষতিগ্ৰস্ত হয় ৷ আজি ক্ষতিগ্ৰস্ত পৰিয়ালৰ লগতে ক্ষতিসাধন হোৱা অঞ্চলত উপস্থিত হৈ স্থান পৰিদৰ্শন কৰে সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে দলীয় নেতৃত্বই ৷ আজি উক্ত স্থান পৰিদৰ্শন কৰি ৰাইজক বিধায়কে আশ্বাস দিয়ে যে ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ বাবে প্ৰশাসনৰ ওচৰত দৃষ্টি গোচৰ কৰি অতি সোনকালে ক্ষতিপূৰণ আদায় কৰি দিয়াৰ ব্যৱস্থা কৰা হব ৷