Howly Digital Live
সুউচ্চ লেহ লাডাখত হাউলীৰ প্ৰবালদ্বীপ

হাউলীৰ প্ৰবালদ্বীপ আৰু মেলভিন, নৱদ্বীপ,মাৰ্ক- এই চাৰিজনীয়া দল এটাই বাইকেৰে দিল্লীৰ পৰা প্ৰথমে মনালী আৰু তাৰপৰা জানস্কাৰ ভেলী(Zanskar Vally) লৈ যাত্ৰা কৰে। এই ভেলীটোৰ পৰা তাৰপাছত দলটোৱে লেহলৈ যাত্ৰা কৰে। এই যাত্ৰাকালত তেওঁলোকে তিনিখন সুউচ্চ পৰ্বত (Shinkula pass, Singela pass,Sirsir la pass)অতিক্ৰম কৰে। উল্লেখ্য যে লেহলৈ বহুতো বাইকাৰে যাত্ৰা কৰে যদিও এই পথেৰে খুব কম সংখ্যকেই যাত্ৰা কৰা দেখা যায়। কাৰণ হ'ল এই পথছোৱা অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ। প্ৰায় ৮০% যাত্ৰাপথ নিৰ্মাণ নোহোৱা। এই যাত্ৰাত তেওঁলোকে তিনিখন KTM Duke আৰু এখন Bajaj Dominar বাইকেৰে ভ্ৰমণ কৰিছিল।



