top of page
Search
  • Writer's pictureHowly town

বৰপেটাৰ ১৩৫৪ টা ভোটগ্ৰহণ কেন্দ্ৰত বিশেষ পঞ্জীয়ন অভিযান


বৰপেটা, ১৩ নৱেম্বৰ: ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ বাবে আজি ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো বিশেষ প্ৰচাৰ অভিযান চলোৱা হয়। জিলাখনৰ ১৩৫৪ টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে অস্থায়ী শিবিৰ পাতি ভোটাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা হয়। তদুপৰি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়, হাউলীৰ বৰপেটা-হাউলী মহাবিদ্যালয়, সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয় আৰু চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে মাধৱ চৌধুৰী মহাবিদ্যালয়ত আয়োজিত এনে অনুষ্ঠানত অংশগ্ৰহণ কৰি অহা এক জানুৱাৰীত ১৮ বছৰ বয়স সম্পূৰ্ণ হবলগীয়া সকলো বৈধ ভাৰতীয় নাগৰিকক ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্তিৰ বাবে নিৰ্দিষ্ট প্ৰপত্ৰত আবেদন দাখিল কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, সকলো প্ৰাপ্ত বয়স্ক লোকে মুকলি মনেৰে ভোটদান কৰিলেহে আমাৰ মহান গণতান্ত্ৰিক পৰম্পৰা সাৰ্থক হ'ব। বৰপেটা- হাউলী মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত নিৰ্বাচন বিষয়া ময়ুৰাক্ষী দত্তয়ো অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু বাৰাদিত থকা আৰক্ষী নিৱেশত বিশেষ ভোটাৰ পঞ্জীয়ন অভিযান চলোৱা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, কাইলৈও জিলাখনৰ আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে এই শিবিৰ অনুষ্ঠিত হ'ব, য'ত আগ্ৰহী নবীন ভোটাৰে ৬ নং প্ৰপত্ৰ পূৰণ কৰি তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। নাম কৰ্তনৰ বাবে ৭ নং প্ৰপত্ৰ আৰু ভোটাৰ তালিকাৰ বিৱৰণী শুধৰণীৰ বাবে ৮ নং প্ৰপত্ৰ পূৰণ কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। কোনো ভোটাৰে ভোটদান কেন্দ্ৰ সলনি কৰিব বিচাৰিলে ৮-ক প্ৰপত্ৰ পূৰণ কৰি ভোটগ্ৰহণ কেন্দ্ৰ বিষয়াৰ হাতত আবেদন দাখিল কৰিব পাৰিব। তদুপৰি কাইলৈ বাঘবৰ চৰত বিশেষ প্ৰচাৰ তথা ভোটাৰ পঞ্জীয়ন অভিযান চলোৱা হ'ব বুলিও জনসংযোগ বিষয়াই জনাইছে।

25 views
bottom of page