Howly town
ভাল খবৰ, এতিয়া আৰু চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নাই ক'ৰোণা আক্ৰান্তই !

অৱশেষত বিশ্ববাসীৰ বাবে সাঁজু হৈ উঠিছে বহু প্ৰত্যাশিত জীৱন-দায়িনী ঔষধ। এই ঔষধ সেৱন কৰা ক'ভিড (Covid 19) আক্ৰান্ত ৰোগী আৰু চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নহ'ব। ঘৰতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই টেবলেট সেৱন কৰা ৰোগীয়ে ক'ৰোণাৰ পৰা লাভ কৰিব আৰোগ্য। ব্ৰিটেইনৰ Merck নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰা Molnu-piravir নামৰ টেবলেট বিধে ক'ৰোণাৰ গ্ৰাসত পৰা বিশ্ববাসীলৈ আনিছে আশাৰ বতৰা। ইতিমধ্যে ব্ৰিটেইন চৰকাৰে এইবিধ ঔষধ প্ৰয়োগত অনুমোদন জনাইছে।Molnu-piravir নামৰ টেবলেটটো সেৱন কৰিলে ক'ৰোণা ৰোগীয়ে দ্ৰুতগতিত আৰোগ্য লাভ কৰে। এইবিধ ঔষধে ৰোগীৰ দেহত থকা ক'ৰোণা ভাইৰাছক নিঃশেষ কৰাৰ লগতে ক'ৰোণা ভাইৰাছে দেহৰ ভিতৰত ক'ৰোণাৰ সংক্ৰমণো সম্পূৰ্ণ ৰূপে নাশ কৰে। প্ৰাৰম্ভিক পৰ্যায়ত ৭৭৫গৰাকী ব্যক্তিৰ দেহত এই ঔষধৰ পৰীক্ষণ সফলতাৰে কৰা হৈছে।
১৮ বছৰৰ ওপৰৰ ক'ভিডৰ লক্ষণ থকা ব্যক্তিৰ দেহত এই ঔষধৰ প্ৰয়োগ কৰিব পৰা যাব। ক'ভিদৰ ভেকচিন গ্ৰহণ কৰা আৰু নকৰা দুয়ো প্ৰকাৰৰ ৰোগীয়ে এই ঔষধ সেৱন কৰিব পাৰিব। ক'ভিদত আক্ৰান্ত ৰোগী সকলে দিনে দুটাকৈ ৫দিনৰ বাবে এই ঔষধ সেৱন কৰিলে ক'ভিদৰ পৰা আৰোগ্য লাভ কৰিব বুলি জানিব পৰা গৈছে।
নৱেমম্বৰৰ শেষৰ ফালে ৯ লাখ Molnu-piravir টেবলেট বজাৰত যোগান দিয়াৰ লক্ষ্যৰে কোম্পানীটোৱে উৎপাদন আৰম্ভ কৰিছে। সকলোৰে আশা এই ঔষধ বজাৰত উপলব্ধ হোৱাৰ পিছতে বিশ্ববাসীৰ বাবে সাধাৰণ হৈ পৰিব ক'ৰোণা ভাইৰাছ।
Manjumoni Borah