top of page
Search
  • Writer's pictureHowly Digital Live

নৱনিৰ্মিত ডিব্ৰুগড় কৰ্কট কেন্দ্ৰটো শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত নৱনিৰ্মিত ডিব্ৰুগড় কৰ্কট কেন্দ্ৰটো আজি শুভ উদ্বোধন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। এই অনন্য কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী গৰাকীক ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উষ্ম আদৰণি জনোৱাৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ।

কেন্দ্ৰটোত উপলব্ধ কৰ্কট ৰোগৰ অত্যাধুনিক আৰু ব্যয়সাপেক্ষ চিকিৎসা ব্যৱস্থাই ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসম তথা কাষৰীয়া ৰাজ্যসমূহৰ জনগণক যথেষ্ট উপকৃত কৰিব। গুণগত স্বাস্থ্যসেৱাৰ দিশত এই যুগান্তকাৰী ক্ষণৰ সূচনা কৰাৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোডীক তেওঁলোকে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

15 views
bottom of page