Bhargav Das
হাউলীৰ মৰা মানাহ নদী খনন আৰু নিষ্কাষণৰ আহ্বান
বৃহত্তৰ হাউলী অঞ্চলৰ ইতিহাসৰ সাক্ষী বহন কৰা বৰ্তমানৰ মৰা মানাহ নদীখন ব্যাপক বেদখলৰ ফলত পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ উপক্ৰম হৈছে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই নদীখনক বিজ্ঞানসন্মতভাৱে নিষ্কাষণ আৰু খনন কাৰ্য্য চলাই হাউলী অঞ্চলক ৰাজ্যখনৰ পৰ্যটনৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আজিও বিদ্বমান। অতি দুখ আৰু পৰিতাপৰ বিষয় যে সমাজৰ বিভিন্ন স্তৰৰ জ্ঞানী-গুণীলোকৰ পৃষ্ঠপোষকতাত এই নদীখনত ব্যাপক হাৰত বেদখল আৰম্ভ হৈছে। নদীখনৰ গভীৰতাক নিশেষ কৰি যধে-মধে বাসস্থান, ব্যৱসায় প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰি নদীখনক মৰুভূমি লৈ ৰূপান্তৰ কৰিছে। বেদখলৰ ফলত স্বাভাৱিকভাৱে প্ৰবাহিত হৈ থকা নদীখনৰ পানী ওলাই যাব নোৱাৰাত এই পানীসমূহ হাউলী চহৰৰ বিভিন্ন অঞ্চল লৈ গতি কৰে ফলত এজাক বৰষুণতেই হাউলী চহৰত কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল পানীৰ মাজত ডুব যাব লগা হয়। কেইবাখনো শিক্ষানুষ্ঠানকে ধৰি ঐতিহ্য মণ্ডিত হাউলী ৰাস মণ্ডপ, মদন মোহন কীৰ্তন ঘৰ বছৰটোৰ অধিকাংশ সময় পানীৰ মাজত থাকিবলগীয়া হয়। হাউলী অঞ্চলৰ কেইবাটাও সংগঠন আৰু ৰাইজে বৰপেটা জিলা প্ৰশাসন আৰু হাউলী পৌৰসভাক হাউলীৰ ঐতিহ্য বহন কৰা মৰা মানাহ নদীখনক বেদখলৰ পৰা মুক্ত কৰি এক বিজ্ঞানসন্মত প্ৰাককলন প্ৰস্তুত কৰি মৰা মানাহ নদীখন এক পৰ্যটনৰ স্থান হিচাপে আকৰ্ষণীয় ৰূপত গঢ়ি তোলাৰ বাবে কেইবাবাৰো অনুৰোধ জনোৱা হৈছে যদিও কোনো এটা পক্ষই এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। শেহতীয়াভাৱে বিজেপি নেতৃত্বাধীন বৰপেটা ৰোড পৌৰ সভাই বৰপেটা ৰোড চহৰৰ মাজেৰে বৈ যোৱা মৰা মানাহ নদীখনৰ প্ৰতিটো অংশ পৰিষ্কাৰ তথা নিষ্কাষণ কৰাৰ কাম আৰম্ভ কৰিছে। কিন্তু অতি আশ্বৰ্য্যকৰ বিষয় একেটা দলৰে নেতৃত্বত থকা হাউলী পৌৰ সভাই মৰা মানাহ নদীখনৰ সৌন্দৰ্য্য বৰ্ধনৰ বাবে নূন্যতম ব্যৱস্থাখিনিও গ্ৰহণ কৰা নাই। কেৱল সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে হাউলী পৌৰ সভাই কিছু কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বলিষ্ঠ ৰাজনৈতিক সদইচ্ছা প্ৰকাশ কৰি পৰ্যটনৰ অশেষ সম্ভাৱনা থকা এই মৰা মানাহ নদীখনক বেদখল মুক্ত কৰি নতুন প্ৰজন্মৰ বাবে উক্ত নদীখন এক নিৰ্মল আৰু পৰিচ্ছন্ন পৰিৱেশ গঢ়ি তোলাৰ বাবে হাউলী পৌৰ সভাই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।
*যুগান্ত বায়ন* *হাউলী ৱাৰ্ড নম্বৰ ৫* *৮৮৭৬৪১৫০৮৯*