Howly Digital Live
এইবেলি অনুষ্ঠিত হব হাউলী ৰাস মহোৎসৱৰ জনপ্ৰিয় উপহাৰ কুপনৰ খেলখন।
Updated: Sep 27, 2022
* এইবাৰ কেৱল ধৰ্মীয় পৰম্পৰাই নহয়, হাউলী ৰাস মহোৎসৱত এইবেলি থাকিব ৰং আৰু ৰসো! অৰ্থাৎ ৰং, ৰস আৰু ধৰ্মীয় পৰম্পৰাৰে ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব এই ৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱ।
* অহা ৭ নবেম্বৰৰ (মঙ্গলবাৰ) পৰা ২১ নবেম্বৰ (মঙ্গলবাৰ)লৈ অনুষ্ঠিত হব হাউলী ৰাস মহোৎসৱ।
অৰ্থাৎ কাতি মাহৰ ২১ তাৰিখৰ পৰা আঘোণৰ ৫ তাৰিখলৈ অনুষ্ঠিত হব হাউলীৰ ৰাস মহোৎসৱ।
* এইবেলি অনুষ্ঠিত হব হাউলী ৰাস মহোৎসৱৰ জনপ্ৰিয় উপহাৰ কুপনৰ খেলখন। কাৰ্যনিৰ্বাহক সভাত উপহাৰ কুপন সমিতিখন গঠন হব। যোৱা দুটা বছৰ ধৰি ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্ঠিত হোৱা নাছিল এই লটাৰিৰ খেলখন।
* এইবাৰ অনুষ্ঠিত হবলগীয়া সমগ্ৰ অসমৰ জনপ্ৰিয় হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্পৰ সাহায্যাৰ্থে হোৱা উপহাৰ কুপনৰ খেলখনত প্ৰথম পুৰস্কাৰৰ গাড়ীখন কি হব এই লৈ সবত্ৰে জল্পনা-কল্পনা আৰম্ভ হৈছে।
* হাউলী ৰাস মহোৎসৱত এইবাৰ প্ৰদান কৰা হব "হাউলী বঁটা"। ২০০৮ চনৰে পৰা সাহিত্য-সংস্কৃতি, সামাজিক, শৈক্ষিক, ক্ৰীড়া, মানৱসেৱা আদি ক্ষেত্ৰলৈ বিশেষভাৱে আগবঢ়োৱা বৰঙণিৰ বাবে নমস্য একোগৰাকী ব্যক্তিলৈ "হাউলী বঁটা" প্ৰদান কৰি অহা হৈছিল। যোৱা দুবছৰে ক'ভিডৰ বাবে প্ৰদান কৰা হোৱা নাছিল এই বঁটা।
* এইবাৰ হাউলী ৰাস মহোৎসৱৰ স্মাৰক সংকলন "মুৰুলী"খনো প্ৰকাশ পাব।
