Howly Digital Live
হাউলী ডিজিটেল লাইভৰ উদ্যোগত "হাউলীৰ কৃত্ৰিম বান আৰু ইয়াৰ সমাধান" শীৰ্ষক এক "পৰ্যালোচনা সভা"
হাউলীৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা হয়। মনোজ্ঞ অনুষ্ঠানটোত হাউলীৰ কৃত্ৰিম বানৰ কাৰণ সমূহৰ বিষয়ে বিশ্লেষণাত্মক আলোচনা কৰা হয়। হাউলীৰ কৃত্ৰিম বানৰ মুখ্য কাৰণ মৰা মানাহ নদী বেদখলৰ বিষয়ে এক প্ৰতিবেদন পাঠ কৰে অসম বিজ্ঞান সমিতি, হাউলী শাখাৰ সম্পাদক প্ৰদীপ কুমাৰ দাসে। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্হিত থাকে অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস ডাঙৰীয়া। তেখেতে হাউলীৰ কৃত্ৰিম বানৰ সমস্যাৰ ওপৰত এক আলোকপাত কৰে আৰু সমাধানৰ বাবে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ বৰপূজাৰীয়ে সভাপতিত্ব কৰা সভাখনত হাউলী পৌৰসভাৰ সভানেত্ৰী অঞ্জলি দাস চৌধুৰী, বিশিষ্ট সমাজকৰ্মী ৰাঘব চন্দ্ৰ দাস, যুগান্ত বায়নৰ লগতে হাউলী বহুকেইজন সমাজ সচেতন লোক উপস্হিত থাকে।
আজিৰ সভাত বিভিন্নজনে আগবঢ়োৱা পৰামৰ্শ তথা হাউলী অঞ্চলৰ বিভিন্ন সমস্যা সম্বলিত এক স্মাৰকপত্ৰ হাউলী পৌৰসভাৰ সংশ্লিষ্ট কতৃপক্ষক প্ৰদান কৰা হব বুলি সভাত প্ৰস্তাব গ্ৰহণ কৰা হয়।
পৌৰসভাৰ সভানেত্ৰী অঞ্জলি দাস চৌধুৰীয়ে তেখেতৰ ব্যক্তব্যত জনায় যে হাউলীৰ বান, হাউলী অঞ্চলৰ নলা নৰ্দমাৰ এক প্ৰাকলন প্ৰস্ত্তত আৰু মৰা মানাহ নদী বেদখলমুক্ত কৰি খনন সম্পৰ্কে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এক স্মাৰকপত্ৰ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে।



