Howly Digital Live
ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে শুভ দিন ৭ খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান ৰাইজৰ সেৱাত উৎসৰ্গিত হ'ল

বৰপেটাকে ধৰি ডিব্ৰুগড়,লক্ষিমপুৰ, তেজপুৰ,যোৰহাট কোকৰাঝাৰ, আৰু মঙ্গলদৈত একে সময়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰগড়ৰ পৰা মুকলি কৰিলে ৭ খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান।
লগতে আন কেইবাখনো এনে ধৰণৰ চিকিৎসা প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে।
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সংলগ্ন কৰ্কট প্ৰতিষ্ঠান মুকলি উপলক্ষে হোৱা অনুষ্ঠানত কেইবা হেজাৰ লোক উপস্হিত থাকি স্ক্ৰীনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা অনুষ্ঠান প্ৰত্যক্ষ কৰে।