top of page
Search
  • Writer's pictureHowly Digital Live

বৰপেটাত কাইলৈৰ পৰা মুকলি হ'ব কেঞ্চাৰ চিকিৎসালয়

ৰাজ্যৰ ৭ খন চহৰত কাইলৈৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ'ব ৰাজ্যিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠান। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ (২৮ এপ্ৰিল) ডিব্ৰুগড়ৰ পৰা ক্ৰমে ডিব্ৰুগড়, বৰপেটা, যোৰহাট, তেজপুৰ,লক্ষিমপুৰ, দৰং আৰু কোকৰাঝাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা এই ৭ খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰাৰ উপৰিও তিনিচুকীয়া, নলবাৰী, নগাঁও, শিৱসাগৰ, গোৱালপাৰা, গোলাঘাট তথা ধুবুৰতো একেদিনাই আন সাত খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। আনহাতে বৰপেটাত কৰ্কট চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মিয়মান কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ কাম এতিয়া প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত কৰ্কট চিকিৎসা প্ৰতিষ্ঠান সমুহ নিৰ্মাণত ৰাজ্য চৰকাৰে আন্তঃগাথঁনি নিৰ্মাণ আৰু টাটা ট্ৰাষ্টে যাৱতীয় চিকিৎসা সজুঁলি, চিকিৎসক, চিকিৎসা কৰ্মী, নিয়োগ আৰু প্ৰশিক্ষণ আদিৰ বাবে ধন বিনিয়োগ কৰিছে। ৰাজ্যৰ কৰ্কট ৰোগী সকলৰ বাবে এই চিকিৎসা প্ৰতিষ্ঠান স্থাপনে এক আশাৰ বতৰা কঢ়িয়াই আনিছে । আনহাতে ৰাজ্য চৰকাৰ আৰু জাপানৰ প্ৰতিষ্ঠান 'জাইকা'ৰ উদ্যোগত ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত ছুপাৰ স্পেপিয়েলিটী হাস্পতাল নিৰ্মাণৰো আঁচনি গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ইয়াক চূড়ান্ত কৰা হৈছে। ৰাজ্যৰ কেইবাখনো চহৰৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতাল চৌহদত অতি শীঘ্ৰেই ছুপাৰ স্পেপিয়েলিটী হাস্পতাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। সেয়ে হ'লে বৰপেটা হ'ব নামনি অসমৰ এক উল্লেখযোগ্য 'চিকিৎসা হাৱ'লৈ পৰিবৰ্তন হ'ব বুলি আশা কৰা হৈছে।

Barpeta Cancer hospital

342 views
bottom of page