
About Howly

এসময়ৰ ৰজা চণ্ডী নাৰায়ন বৰুৱাৰ 'ৰাজহাউলি'য়ে কালক্ৰমত হৈ পৰিল "হাউলী"।
অসমীয়া সাহিত্যৰ বিখ্যাত উপন্যাস 'মনোমতী'ৰ জন্মস্থান এই হাউলীতেই। নামনি অসমৰ বাণিজ্যিক চহৰ হাউলী বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী ধৰ্মাৱালম্বী লোকেৰে গঠিত।
এটা সময়ত মহাপুৰুষ শংকৰ-মাধৱ আৰু আঁতাসকলৰ লীলাভূমি আছিল এই বৃহত্তৰ হাউলী অঞ্চল। ১৯৫৪ চনতে জন্ম লোৱা চণ্ডী বৰুৱা স্মৃতি ভৱন হাউলীৰ সামজিক, সাংস্কৃতিক তথা বৌদ্ধিক কেন্দ্ৰস্বৰূপ যাৰ মঞ্চত বিষ্ণু ৰাভা, ফণী শৰ্মা আদিৰ দৰে অসমৰ যসস্বী শিল্পীয়ে নাট পৰিবেশন কৰি গৈছে।
হাউলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমীয়া সমাজ জীৱনলৈ অন্যতম অৱদান হৈছে- সত্ৰ আৰু নামঘৰ। অসমীয়া সমাজ জীৱনত সত্ৰ-নামঘৰৰ অপৰিসীম ভূমিকা আৰু প্ৰভাৱৰ বিষয়ে প্ৰতিজন অসমীয়াই জ্ঞাত।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰপেটা আগমন বৰপেটাৰ বুৰঞ্জীৰ এক যুগান্তকাৰী ঘটনা। মহাপুৰুষ দুজনা গুৰুৱে বৰপেটা অঞ্চলত কটোৱা কালছোৱাক ভক্তি আন্দোলনৰ চূড়ান্ত যুগ বুলি কোৱা হয়।
হাউলীৰ অন্যতম অঞ্চল এটাৰ নাম 'ঘিলাঝাৰী'। এই ঘিলাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চাৰিমাহ থাকি ধৰ্ম প্ৰচাৰ কৰিছিল। গুৰুজনাই পাটবাউসীত সত্ৰ পাতি থকা সময়ত নৰনাৰায়ন ৰজাৰ গুণ-গৰিমাৰ কথা শুনি ৰজাক আহি সাক্ষাৎ কৰিছিল।ঘিলাত নৰনাৰায়নে উপ-ৰাজধানী পাতি বাৰ বছৰ কাল ৰাজত্ব কৰিছিল। এই ৰাজধানীৰ স্থান বৰ্তমান হাউলী নগৰৰ পৰা প্ৰায় ৩ কি:মি: নিলগত থকা নগৰঝাৰ আৰু কঠলিঝাৰ। চৰকাৰী ৰেকৰ্ড মতে এই ঠাইত ১ বিঘা ১ লেচা মাটি উদ্ধাৰ হৈছে।


হাউলী মধ্যবজাৰ সাৰ্বজনীন কালী মন্দিৰ"ৰ ইতিহাস
ইতিহাস প্ৰসিদ্ধ ৰজা চণ্ডী নাৰায়ন বৰুৱাৰ 'ৰাজহাউলি'ৰ - হাউলী চহৰৰ মাজমজিয়াত অৱস্হিত এক পৌৰাণিক তথা নৱহাউলীৰ সৰ্বপ্ৰথম মন্দিৰ "হাউলী মধ্যবজাৰ সাৰ্বজনীন কালী মন্দিৰ" ।১১০ বছৰৰ ইতিহাস লুকাই আছে এই ঐতিহ্যমণ্ডিত হাউলী মধ্যবজাৰ কালী মন্দিৰটোত ।
ইতিহাসে কয় - স্বাধীনতাৰ বহু পূৰ্বৰে পৰাই বহু বাঙালী সম্প্ৰদায়ৰ মানুহে ব্যৱসায় সূত্ৰে অসমত অস্হায়ীভাবে বসবাস কৰিছিল আৰু সেয়া কেৱল সম্ভৱ হৈছিল বৰ্তমানৰ মৰামানাহ নদী যিখন আছিল পূৰ্ব বংগ আৰু অসমৰ মাজৰ সংযোগী যাতায়াতৰ সুবিধা থকা এখন নদী।
১৯০৫ খ্ৰী:ৰ পৰা ১৯১১ খ্ৰী: পৰ্য্যন্ত বংগ ভংগৰ ফলশ্ৰুতিত পূৰ্ববংগ আৰু অসমক সাঙুৰি এখন নতুন প্ৰদেশ গঠিত হৈছিল । যাৰ ৰাজধানী আছিল ঢাকা ।
সেই সময় চোৱাত পূৰ্ব বংগৰ বহু বাঙালী সম্প্ৰদায়ৰ লোকে আকৰ্ষণীয় আৰু বৰ্ণনামূলক প্ৰাকৃতিক সৌন্দৰ্য্যৰে সুশোভিত ভাৰতৰ পূৰ্বত্তম প্ৰহৰী "অসম" যত স্হায়ীভাবে বসবাস কৰাৰ প্ৰতি মনোনিবেশ কৰিছিল। ঠিক তেনেকৈ হাউলী মধ্যবজাৰ বাসিন্দাৰ পূৰ্বপূৰুষসকলেও সেয়া ভাবিয়ে ১৯১২ খ্ৰী:ত ঘন বসতিশূন্য ঠাই এখনত কালী মন্দিৰ স্হাপন কৰি নিয়মীয়াকৈ কালীপূজা অতি ধুমধামেৰে পালন কৰিবলৈ লয় । ঐতিহ্যৰে সমৃদ্ধ কালী মন্দিৰলৈ কালী পূজাৰ সময়ত অগণন ভক্তৰ আগমন ঘটিছিল ।
বৰ্ষা ঋতুৱে সিক্ত কৰি যোৱা খেতি পথাৰ ঠন ধৰে, গাওঁৰ বাট পথবোৰো শুকাব ধৰে...এনে এক সময়তে শৰতে লৈ আহে উৎৱৰ বতৰ । শৰতৰ আগমনতেই প্ৰথম বাৰৰ বাবে ১৯২৭ খ্ৰী:ত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক আদৰিবলৈ মানস কৰে এই পৌৰাণিক কালি মন্দিৰটোতে ।
এই কালীপূজা দুৰ্গাপূজাৰ উৎসৱমুখৰ পৰিবেশে বৃহত্তৰ হাউলী সমাজৰ গণ জীৱনত জীৱনবোধ জগাই তোলাত সহায় কৰাৰ ফল স্বৰূপে এই কালী মন্দিৰটোৰ আলমলৈ হাউলীৰ মাজমজিয়াত অৱস্হিত মধ্যবজাৰখন সম্প্ৰীতিৰ মিলন ভূমি হিচাপে গঢ়ি তুলিবলৈ বৃহত্তৰ হাউলীৰ সমাজখনে আগবাঢ়ি আহে আনুমানিক ১৯৪৪ চনত বৰ্তমানৰ হাউলী মধ্যবজাৰ সাৰ্বজনীন দুৰ্গা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰু জন মানসৰ মাজত তেতিয়াই পৌৰাণিক কালী মন্দিৰটো দুৰ্গা মন্দিৰ হিচাপে জনপ্ৰিয় হৈ উঠে ।

বীৰভূমি হাউলী
বীৰভূমি হাউলী... প্ৰবল প্ৰতাপী, সাহসী ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ এক জাকত জিলিকা ৰাজধানী 'হাউলি'। সমস্ত ইতিহাসৰ সাক্ষী সেই সময়ৰ বোৱতী নৈ মানাহ। এই মানাহ নৈ আছিল বৰপেটা অঞ্চলৰ যাতায়াত , বাণিজ্যৰ মূল মাধ্যম। এই মানাহ নদীৰেই এদিন মানসকল আহি বিধস্ত কৰিছিল সমগ্ৰ হাউলী অঞ্চল। ভূতৰ ওপৰত দানহ পৰাদি ১৮৯৭ চনৰ বৰভূইকপে ধ্বংস কৰি পেলাইছিল হাউলীৰ অতীতৰ সেই গৌৰৱোজ্জল সভ্যতা, সংস্কৃতি।
কিন্ত্ত তাৰ পিছত এক ইতিবাচক ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত পুনৰ আৰম্ভ হ'ল এক আশাব্যঞ্জক প্ৰক্ৰিয়া আৰু গঠন হ'ল "নৱ হাউলী" বা "আধুনিক হাউলী"। পুৰণি হাউলীৰ পটভূমিত ৰচিত ঔপন্যাসিক সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱৰ 'মনোমতী'ৰ জন্মস্থল আছিল ইংৰাজে স্থাপন কৰা হাউলী হালাপাকুৰী গাওঁত থকা ডাকবঙলাত।
এটা সময়ত মহাপুৰুষ শংকৰ-মাধৱ আৰু আতাঁসকলৰ লীলাভূমি আছিল এই বৃহত্তৰ হাউলী অঞ্চল। নমাটি সত্ৰ, পোৰাভড়াল, ঘিলাঝাৰী, কালঝাৰ, ধুপৰগুৰী, গুৱাগাছা আদি পবিত্ৰ সত্ৰসমূহে আজিও তাৰ সাক্ষৰ বহন কৰি আছে।
হাউলীৰ নাট্য আন্দোলনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল ১৯৪৬ চনত গঠিত 'প্ৰগতি সংঘ'ই। হাউলী অঞ্চলৰ কলা সংস্কৃতিৰ অন্যতম ভেটি ১৯৫২ চনত স্থাপিত নাট্য সংঘ। ১৯৫৪ চনত জন্ম হৈছিল হাউলীৰ সামাজিক, সাংস্কৃতিক তথা বৌদ্ধিক কেন্দ্ৰস্বৰূপ "চণ্ডীবৰুৱা স্মৃতি ভৱন"।
বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী ধৰ্মাৱালম্বী লোকেৰে পৰিপূৰ্ণ হাউলীত ১৯২৮ চনত কেবাজনো উদ্যমী ব্যক্তিৰ উদ্যোগত জন্ম লাভ কৰিছিল 'ৰাস মহোৎসৱ'ৰ। হাউলীৰ আটকধুনীয়া ৰাস মন্দিৰ চৌহদতে লাগি থকা মদন-মোহন কীৰ্তনঘৰে গোটেই প্ৰাঙ্গনটোক চালে চকুৰোৱা কৰি ৰাখিছে।
Gallery












